নিউজ ডেস্ক, ১০ জুনঃ দুদিনৰ বাবে গুৱাহাটীৰ ১৬টা স্থানত বন্ধ থাকিব পানীযোগান৷ ১২-১৩ জুনত বন্ধ থাকিব GMCৰ পানীযোগান৷ এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্তই জনাই এই কথা। পাণবজাৰ ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্টৰ পানী যোগান ব্যৱস্থা ১২ আৰু ১৩ জুনত বন্ধ থাকিব। গুৱাহাটী পৌৰ নিগমৰ অধীনস্থ এই প্ৰকল্পৰ জৰিয়তে গুৱাহাটীৰ মুঠ ১৬ টা স্থানলৈ পানী যোগান ধৰি অহা হৈছিল।
সেয়েহে এই ১৬ টা স্থানতেই উক্ত দুয়োটা দিনত পানী যোগান বন্ধ থাকিব। এই প্ৰকল্পৰ জৰিয়তে পানী যোগান ধৰা অঞ্চলবোৰ ক্ৰমে পাণবজাৰ, ফাঁচীবজাৰ, এটি ৰোড, কছাৰী বস্তি, বি বৰুৱা ৰোড, ছাত্ৰীবাৰী, গান্ধী বস্তি, লাচিত নগৰত বন্ধ থাকিব পানীযোগান৷ পানীযোগান বন্ধ থাকিব দক্ষিণ শৰণীয়া, পূব শৰণীয়া, ভঙাগড়, ৰাজগড়৷
Comments are closed, but trackbacks and pingbacks are open.