Daily Time Axom

ভাৰতত কিয় ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ?

54

নিউজ ডেস্ক, ১০ জুনঃ ভাৰতত কিয় ডায়েবেটিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে ? ভাৰতত আতংকজনকভাৱে কিছুদিনৰ পৰা ডায়েবেটিছ ৰোগীৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ভাৰতত যোৱা ৪ বছৰত ডায়েবেটিছ ৰোগীৰ সংখ্যা ৪৪% বৃদ্ধি পাইছে। কেৱল সেয়াই নহয়, ভৱিষ্যতে ডায়েবেটিছ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থকা লোকৰ সংখ্যাও অধিক। ডায়েবেটিছ মূলতঃ দুই প্ৰকাৰৰ । প্ৰথমটো হ’ল টাইপ ৱান ডায়েবেটিছ, যিটো ৰোগ জিনীয় মাধ্যমেৰে আপোনাৰ ওচৰলৈ বিয়পিব পাৰে, অৰ্থাৎ আপোনাৰ পৰিয়ালৰ কোনোবাই যদি ডায়েবেটিছ ৰোগত আক্ৰান্ত হয়, তেন্তে আপুনিও এই ৰোগত আক্ৰান্ত হ’ব পাৰে। আন এটা হ’ল ডায়েবেটিছ টাইপ টু , ই শাৰীৰিক কাৰ্য , খাদ্যাভ্যাস , টোপনি বেয়া আৰু মানসিক চাপ আদি কাৰণত হব পাৰে।বৰ্তমান দেশত ১৩ কোটিৰো অধিক লোক এই ৰোগত আক্ৰান্ত হয়। আচলতে ডায়েবেটিছক ৰোগ পিতৃ-মাতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে হোৱা বুলি গণ্য কৰা হয়। ভাৰতৰ অধিকাংশ ডায়েবেটিছ ৰোগীয়েই দুৰ্বল জীৱনশৈলীৰ বাবে এই ৰোগত আক্ৰান্ত। এইসকল লোকে নিজৰ জীৱনশৈলী অলপ উন্নত কৰিলে এই ৰোগৰ পৰা হাত সাৰিব পাৰে।

Comments are closed, but trackbacks and pingbacks are open.