কাছাৰ জিলাৰ কাঠিগৰা সমষ্টিৰ সেউটি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত পি এম কিষাণৰ সৈতে সাধাৰণ জনতাক চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে। সেউতি গাঁও পঞ্চায়তৰ সভানেত্রীৰ প্ৰতিনিধি চেলিম উদ্দিন তালুকদাৰৰ লগতে জিপিৰ গোটৰ সদস্য সকলে কয় যে আজি গাঁও পঞ্চায়তৰ কাৰ্যালয়ত প্ৰায় চাৰি শতাধিক হিতাধিকাৰীসকলে পি এম কিষানৰ নামত মাতি আনি অজাতাক হাৰাশাস্তি কৰা হৈছে। আজি কৃষি বিভাগৰ সংমণ্ডল বিষয়া দিৱজ্যোতি শইকীয়া (এ ডি অ’)ৰ লগতে দ্বীজয় পাল আৰু আনোৱাৰুল হক, তেওঁলোকৰ কাৰণে আজি চাৰি শতাধিক লোক গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ আহি হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছে। সেউতি গাঁও পঞ্চায়তৰ ৰাইজে স্পষ্ট কৰি দিয়ে যে ভবিষ্যতে এনে সমস্যা নহ’ব বুলি সংমণ্ডল বিষয়াসকলক ভাবুকি দিয়া হৈছে।