আজি কান্ধবাৰী-দাগাপাৰা,ঘোগা,আৰু লোহাৰকাঠা-আদাবাৰী মণ্ডল কংগ্ৰেছ কমিটীয়ে কংগ্ৰেছ দলৰ বুথ কমিটি গঠন কৰাৰ উদ্দেশ্যৰে এখনি সভা অনুষ্ঠিত কৰা হয়।
বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদৰ সভাপতিত্ব অনুষ্ঠিত কৰা উক্ত সভা খনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন লগতে উপস্থিত থাকে বৰক্ষেত্ৰী ব্লক কংগ্ৰেছ কমিটিৰ উপ-সভাপতি চুলেমান আলী, সাধাৰণ সম্পাদক চাধুল্লা আলী, সমাজ কৰ্মী মোস্তোফা আলী,মণ্ডল কমিটিৰ সভাপতি সকল ,আমন্ত্ৰিত অতিথিসকল ,বিভিন্ন বিষয়ববীয়াসকল , কংগ্ৰেছ কৰ্মীসকল তথা স্থানীয় ৰাইজ ।
বুথ কংগ্ৰেছৰ সভা খনত বিভিন্ন পঞ্চায়তত কংগ্ৰেছৰ ভেটি অধিক শক্তিশালী কৰিবলৈ আৰু আগন্তুক দিনত বুথ কমিটি সমূহ অধিক শক্তিশালী কৰিৱলৈ বিভিন্ন কাৰ্য পন্থা হাতত লয় ।
আগন্তুক পঞ্চায়ত আৰু লোক সভা নিৰ্বাচনত কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ লগতে একক সংখ্যা গৰিষ্ঠতাৰে জয় লাভ কৰিবলৈ বিভিন্ন কাৰ্য পন্থা হাতত লৱলৈ পৰামৰ্শ আগবঢ়ায় বিধায়ক দিগন্ত বৰ্মনে।সমষ্টিৰ সীমা নিৰ্ধাৰনৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়ক দিগন্ত বৰ্মনে ।