আমেৰিকাৰ হাৱাই দ্বীপপুঞ্জৰ মাউণ্ট কিলুইউয়া বিশ্বৰ অন্যতম সুপ্ত আগ্নেয়গিৰি।
মাজে মাজে এই আগ্নেয়গিৰিটো সাৰ পায়। ৭ জুনত হঠাতে সক্ৰিয় হৈ পৰে আগ্নেয়গিৰিটো। বৃহৎ অঞ্চলত লাভা বিয়পি পৰে।
আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে এই আগ্নেয়গিৰিটোৰ কেইবাখনো ছবি প্ৰকাশ কৰিছে। ওলাই অহা লাভাৰ দৃশ্য তাতেই বন্দী হৈছিল। ইতিমধ্যে তাত কৌতুহলী পৰ্যটকৰ ভিৰ আৰম্ভ হৈছে।
দৰ্শনাৰ্থীৰ কৌতুহল চম্ভালিবলৈ প্ৰশাসনে কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানৰ এক বিশেষ অংশৰ পৰা লোৱা আগ্নেয়গিৰিটোৰ দৃশ্য। অৱশ্যে তাৰ পৰা ফটো তোলাৰ সময়ত দৰ্শনাৰ্থীক সকীয়াই দিয়া হৈছে।
ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি এই বিস্ফোৰণ সম্পূৰ্ণৰূপে এটা অঞ্চলত সীমাবদ্ধ আছিল। সাধাৰণ লোকেলৰ পৰা বহু দূৰত হাৱাই ৰাষ্ট্ৰীয় উদ্যানত এনেকুৱা হৈছে। জনবসতিপূৰ্ণ অঞ্চলৰ পৰা বহু দূৰত থকাৰ বাবে নাগৰিকৰ ওপৰত কোনো ক্ষতিকাৰক প্ৰভাৱ পৰা নাছিল।