Daily Time Axom

দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জত পথৰ দুৰাৱস্থা

0 50

দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ অঞ্চলৰ সোনাপুৰ বজাৰৰ পৰা ফকিৰগঞ্জত আদৰ্শ চিকিৎসালয়লৈ যোৱা একমাত্ৰ পকী পথৰ দুৰাৱস্থাই জলাকলা খোৱাইছে পদচাৰীক ৷
এজাক বৰষুণৰ পিছতেই পথচোৱা পুখুৰী সদৃশ হৈ পৰে এই পুখুৰী সদৃশ পথেৰে প্ৰতিদিনে ফকিৰগঞ্জ অঞ্চলৰ ৰাইজে যাতায়ত কৰিবলগীয়া হৈছে ৷ বিশেষকৈ চিকিৎসালয়লৈ অহাযোৱা কৰা ৰোগী আৰু স্কুলীয়া ছাত্ৰছাত্ৰীয়ে উক্ত পথেৰে যমৰ যাতনা ভুগি যাতায়ত কৰিবলগীয়া হৈছে ৷
দীৰ্ঘদিনৰ পৰা কংগ্ৰেছ আৰু এ আই ইউ ডি এফে প্ৰতিনিধিত্ব কৰি অহা দক্ষিণ শালমাৰা সমষ্টিৰ এনে পৰিস্থিতিৰ বাবে জনপ্ৰতিনিধিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সৰ্বসাধাৰণ ৰাইজ ৷ অতিশীঘ্ৰে পথচোৱা নিৰ্মাণৰ দাবী অঞ্চলবাসীৰ ৷

Leave A Reply

Your email address will not be published.