Daily Time Axom

মুখ্যমন্ত্ৰীৰ সমষ্টিৰ চাংসাৰিত অবিজ্ঞানসন্মত ডিভাইডাৰৰ কৱলত তিনি যুৱক

0 54

জালুকবাৰী সমষ্টিৰ চাংসাৰিৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষেত্ৰত হোৱা কিছুমান অবিজ্ঞানসন্মত কামৰ বাবে এতিয়া বৃহত্তৰ চাংসাৰিৰ লগতে ইয়াৰ ওচৰে পাজৰে থকা বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত পথটোক কেন্দ্ৰ কৰি ত্ৰাসৰ সৄষ্টি হৈছে। বিশেষকৈ চাংসাৰি হাইস্কুল চ’ক আৰু ধোপাতাৰী বজাৰ চ’কৰ দুয়োটা অবিজ্ঞানসন্মত ডিভাইদাৰক লৈ হাঁহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ ৰাইজৰ মাজত। কোনো ধৰণৰ উচিত পৰিকল্পনা নোহোৱাকৈ জধেমধে এই ডিভাইদাৰ দুয়োটা নিৰ্মাণ কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশ অনভিজ্ঞ অভিযন্তা, ঠিকাদাৰে বিপদ মাতি আনিছে অঞ্চলবাসী ৰাইজলৈ। এতিয়া সেই অপৰিপক্ক ঠিকাদাৰ অভিযন্তাৰ নিকৃষ্ট কামৰ পৰিমাণ ভুগিবলগা হৈছে বৃহত্তৰ চাংসাৰিৰ ৰাইজৰ লগতে অন্যান্য পথচাৰীয়ে।

তাৰেই পৰিপ্ৰেক্ষিতত যোৱাকালি শণিবাৰে নিশা সংঘটিত হোৱা এক ভয়াবহ পথ দুৰ্ঘটনাত কোনোমতে প্ৰাণ ৰক্ষা পৰে বৃহত্তৰ চাংসাৰিৰ জলাহ আৰু বলাইবিল গাৱঁৰ তিনি যুবক ক্ৰমে আটিউৰ , দুলু আৰু ভূপেন। জানিব পৰা অনুসৰি কালি নিশা ১০ মান বজাত গুৱাহাটীৰ দিশৰ পৰা ঘৰ অভিমুখে নিজৰ চাৰিচকীয়া বাহনেৰে আহি চাংসাৰি হাইস্কুল চ’কৰ ডিভাইদাৰেৰে পাৰ হবলৈ লওতেই সংঘটিত হয় এক ভয়াবহ দুৰ্ঘটনাৰ। বাইহাটা চাৰিআলিৰ দিশৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন ১৬ চকীয়া বাহনৰ খুন্দাৰ পৰা কথমপি ৰক্ষা পৰে উক্ত তিনিজন যুৱক। একমাত্ৰ ট্ৰাক চালকৰ বুদ্ধিমত্তাৰ বাবেহে মৃত্যুৰ মুখৰ পৰা হাত সাৰিবলৈ সক্ষম হয় এই তিনিজন যুৱক। ইয়াৰ মূলতঃ চাংসাৰিৰ ডিভাইডাৰৰ মাজৰ ব্যৱধান বুলি উল্লেখ কৰিছে একাংশ ৰাইজে । ডিভাইডাৰৰ মাজখণ্ডত এখন চাইকেল ভালদৰে ৰাখিব নোৱাৰকৈ সম্পূৰ্ণ অবৈজ্ঞানিক ধৰণেৰে নিৰ্মাণ কৰা ডিভাইডাৰটোৰ বাবেই কালি তিনিজন যুবকক হেৰুৱাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাত জাঙুৰ খাই উঠিছে বৃহত্তৰ চাংসাৰিৰ সচেতন মহল। ইতিমধ্যে এই অপৰিপক্ক ডিভাইদাৰৰ বাবে এইখিনি ঠাইত কেইবাটাও সৰু বৰ দুৰ্ঘটনা সংঘটিত হৈ গৈছে। কেইবাজনো ব্যক্তিয়ে প্ৰাণ হেৰাইছে এইখিনি ঠাইতে।

প্ৰতিবাৰ দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে ডিভাইডাৰটো বিজ্ঞানসন্মত ভাবে বনাই দিয়াৰ উপৰিও বিজ্ঞান সন্মত ট্ৰেফিক পইন্ট নতুৱা উৰণীয়া সেতু নিৰ্মাণৰ প্ৰস্তাৱো চৰকাৰ প্ৰশাসনক দি আহিছে। কিন্তু আজিকোপতি সেই ব্যৱস্থা হৈ নুঠিল। যাৰবাবে কালি নিশা সংঘটিত হোৱা উক্ত ঘটনাৰ পিছতে অঞ্চলটোৰ সচেতন ৰাইজে ইয়াক লৈ সৰব হৈ পৰিছে আৰু শীঘ্ৰেই চাংসাৰি হাইস্কুল চ’ক আৰু ধোপাতাৰী বজাৰ চ’কৰ ডিভাইদাৰ দুটা সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিত নিৰ্মাণ কৰাৰ উপৰিও দুয়োটা ঠাইতে বিজ্ঞানসন্মত ট্ৰেফিক পইন্ট নতুবা উৰণীয়া সেতুৰ নিৰ্মাণৰ বাবে চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী তুলিছে। ইয়াৰ লগতে এইক্ষেত্ৰত জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰি শীঘ্ৰেই কামৰূপ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক ডিভাইদাৰৰ বৈজ্ঞানিক পদ্ধতিৰ নিৰ্মাণৰ উপৰিও চাংসাৰি, ধোপাতাৰী অঞ্চলৰ সেৱা পথত চলি থকা অবৈধ পাৰ্কিং বন্ধ কৰি অনাগত দিনত সাম্ভাব্য দুৰ্ঘটনাৰ পৰা অঞ্চলটোৰ জনতাক ৰক্ষা কৰিবলৈ দাবী উত্থাপন কৰিছে বৃহত্তৰ অঞ্চলটোৰ সচেতন ৰাইজে ।

Leave A Reply

Your email address will not be published.