নিউজ ডেস্ক, ১১জুনঃ জাতীয় চৰাই ময়ুৰৰ শেষ ৰীতি-নীতি কেনেকৈ কৰা হয় জানেনে? চৰকাৰে ১৯৬৩ চনৰ ২৬ জানুৱাৰীত ময়ুৰক জাতীয় চৰাই হিচাপে ঘোষণা কৰিছিল। ইয়াৰ উপৰিও ভাৰত চৰকাৰে ময়ুৰক জীয়াই ৰাখিবলৈ বহু ধৰণৰ প্ৰট’কল তৈয়াৰ কৰিছে।কোৱা হয় ময়ুৰক পৃথিৱীৰ অন্যতম ধুনীয়া চৰাই বুলি গণ্য কৰা হয়। ইয়াৰ মূৰত মুকুট থকাৰ বাবে ইয়াক চৰাইৰ ৰজা বুলিও কোৱা হয়। ইয়াৰ মূৰত মুকুটৰ দৰে শিখৰ আৰু শৰীৰত ৰঙৰ মিশ্ৰণ থাকে যাৰ বাবে ইয়াক অতি সুন্দৰ দেখা যায়। এই অসাধাৰণ আৰু অনান্য চৰাই ময়ূৰক ভাৰত চৰকাৰে নিজৰ জাতীয় চৰাই বুলি ঘোষণা কৰি ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ অধীনত ময়ুৰক সুৰক্ষা প্ৰদান কৰি অহাৰ লগতে ভাৰতীয় বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২ অনুসৰি এটা ময়ুৰ হত্যা কৰিলে ৭ বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পৰাকৈ আইন প্ৰণয়নৰ কৰিছে।
আপুনি জানি আচৰিত হ’ব যে,ভাৰতৰ জাতীয় চৰাই ময়ূৰৰ মৃত্যুৰ পিছত নিৰ্ধাৰিত প্ৰট’কল অনুসৰি দাহ কৰা হয়। জাতীয় চৰাই ময়ুৰক মৃত্যুৰ পিছত ক’তো সমাধিস্থ কৰা নহয়। নিৰ্ধাৰিত প্ৰট’কল অনুসৰি তেওঁলোকৰ মৃতদেহ দাহ কৰা হয়।সেই ক্ষেত্ৰত ময়ুৰৰ মৃতদেহটো প্ৰথমে ভাৰতৰ জাতীয় পতাকাত মেৰিয়াই লোৱা হয়। তাৰ পিছত তেওঁৰ মৃতদেহ শ্ৰদ্ধাৰে কঢ়িয়াই নিয়াৰ পিছত দাহ কৰা হয়। যিখন ৰাজ্যত ময়ুৰৰ মৃত্যু হয় সেই ৰাজ্যৰ বন বিভাগে ময়ুৰৰ শেষ ৰীতি-নীতি সম্পন্ন কৰে। কেতিয়াবা কেতিয়াবা ময়ূৰৰ মৃত্যুৰ পিছত মানুহে ময়ূৰৰ মৃতদেহতো ফুল চতিয়াই আৰু তাৰ পিছত তেওঁলোকক সন্মানজনক ভাৱে বিদায় দিয়া হ’য়।