নিউজ ডেস্ক, ১২ জুনঃ নয়ডাৰ ফিল্ম চিটিৰ লক্ষ্মী ষ্টুডিঅ’ত অঘটন। ফেশ্বন শ্ব’ৰ মাজতে লোৰ খুটা পৰি মৃত্যু এগৰাকী ২৪ বছৰীয়া মডেল।
মৃত্যু হোৱা মডেলগৰাকী বনশিখা ছোপ্ৰা বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ মতে, লাইটৰ বাবে ব্যৱহাৰ কৰা এটা খুটা হঠাতে মঞ্চত বাগৰি পৰে। সেই সময়ত ৰেম্পত খোজ কাঢ়ি আছিল মডেলগৰাকী। যাৰ বাবে মডেলগৰাকীৰ মৃত্যু হোৱাৰ লগতে আহত হয় কেইবাজনো লোক।
আহত কেইজনক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে ফেশ্বন শ্ব’ৰ আয়োজক আৰু আন ৪ জনক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ মতে অনুষ্ঠানটোৰ বাবে আয়োজকসকলে প্ৰশাসনৰ পৰা কোনো ধৰণৰ অনুমতি লোৱা নাছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
Comments are closed, but trackbacks and pingbacks are open.