নৃশংস হত্যাকাণ্ড! ভতিজাকে শিৰচ্ছেদ কৰিলে পিতা–পুত্ৰৰ

নিউজ ডেস্ক, ১২ জুনঃ ভূমিকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি। ভতিজাকৰ দাৰ ঘাপত প্ৰাণ গ’ল পিতা-পুত্ৰৰ। তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত লংছোৱালৰ ১২নং আঠাই বস্তিত সংঘটিত হয় এই হত্যাকাণ্ডৰ ঘটনা। নিজ বাসগৃহৰ ভিতৰতে দাৰে ঘপিয়াই শিৰচ্ছেদ কৰে পিতা-পুত্ৰক।

হত্যাৰ বলি হোৱা পিতৃৰ নাম বাবলু মুড়া আৰু পুত্ৰৰ নাম সুৰেন মুড়াৰ।এই জঘন্য হত্যাকাণ্ডৰ মূল নায়ক গধ মুড়া। গধ মুড়া সম্পৰ্কত হত্যাৰ বলি হোৱা সুৰেন মুড়াৰ ভতিজা।

স্থানীয় লোকে হত্যাকাৰীক কৰায়ত্ত কৰি ৰাজহুৱা শাস্তি প্ৰদান কৰে। ইয়াৰ পাছতেই ডুমডুমা আৰক্ষীয়ে আটক কৰে।

ArrestAssamAssamese NewsDaily time axomIndiaMurderTinsukiaTinsukia Police