Daily Time Axom

মহানগৰীত পুনৰ খাৰঘুলি কাণ্ডৰ পুনৰাবৃত্তি

57

নিউজ ডেস্ক, ১২ জুনঃ মহানগৰীত পুনৰ খাৰঘূলি কাণ্ডৰ পুনৰাবৃত্তি। এইবাৰ ৰাজগড় লিংক ৰোডত পানীৰ পাইপ ফাটি জলমগ্ন হৈ পৰিছে অঞ্চলটো। পানীৰ পাইপ ফাটি কেইবা মিটাৰ ওপৰলৈ উঠিল পানী। তীব্ৰবেগত পাইপৰ পানী নিৰ্গত হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে সমীপৰ বাসগৃহবোৰ।

ঘটনাত কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ ফলত পথৰ কাষত সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতৰ।লগতে পানীৰ পাইপ ফটাৰ ফলত অঞ্চলটোত সৃষ্টি হৈছে কৃত্ৰিম বানৰ। অৱশ্যে বৰ্তমান পৰ্যন্ত কোনো লোক হতাহত হোৱাৰ খবৰ আহি পৰা নাই।

বৰ্তমান ঘটনাস্থলীত এ এছ ডি এম এৰ এটা দল উপস্থিত হৈ ফাটি যোৱা পাইপ মেৰামতি কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

Comments are closed, but trackbacks and pingbacks are open.