নিউজ ডেস্ক, ১৩ জুনঃ মহানগৰীত বন্ধ হ’ল ১০৯ খন কৈ চিটি বাছ। এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গুৱাহাটী পৰিবহণ বিভাগৰ। এক জাননী যোগে এই কথা সদৰি কৰে মহানগৰীৰ পৰিবহণ বিভাগে।
মহানগৰীত সৃষ্টি হোৱা তীব্ৰ যান-জঁটৰ বাবে এই সিদ্ধান্ত পৰিবহণ বিভাগৰ। মহানগৰীৰ বাট-পথত চলাচল কৰি থকা প্ৰায় ৫০০ খন চিটি বাছৰ ১০৯ খন চিটি বাছ চলাচল কৰাৰ সলনি ৰখাই থব লাগিব খানাপাৰাৰ পশু চিকিৎসালয় খেলপথাৰত।
আনহাতে যান-জঁট নিয়ন্ত্ৰণৰ বাবে লোৱা এই সিদ্ধান্তত এতিয়া ক্ষোভিত হৈ পৰিছে চালক তথা মালিকসকল।