নিউজ ডেস্ক, ১৩ জুনঃ গোলাঘাটৰ উৰিয়ামঘাট সীমান্তৰ ২নং আজাৰগুৰীত এক শোকাৱহ ঘটনা। কুঁৱাত পৰি একেলগে প্ৰাণ হেৰুৱালে পিতা-পুত্ৰই। মটৰৰ ভাল্ভ মেৰামতিৰ বাবে কুঁৱাৰ ভিতৰত সোমাইছিল পিতৃয়ে। প্ৰথমে উশাহ বন্ধ হৈ অচেতন হৈ পিছলি পৰে পিতৃ নিৰঞ্জন ব্ৰহ্ম। পাছত পিতৃক উদ্ধাৰৰ বাবে কুঁৱাৰ ভিতৰত সোমাই পুত্ৰ শিৱম ব্ৰহ্ম। পুত্ৰ শিৱম ব্ৰহ্ময়ো বিষাক্ত গেছৰ ফলত ঢলি পৰে কুঁৱাৰ ভিতৰতে।
স্থানীয় ৰাইজে উৰিয়ামঘাট আৰক্ষীৰ উপস্থিতিত কেইবা ঘণ্টা ধৰি জেচিবিৰ সহায়ত কুঁৱাৰ মাটি খান্দি নিশা মৃতদেহ দুটা উদ্ধাৰ কৰে। পিতা-পুত্ৰৰ মৃত্যুত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত।
Comments are closed, but trackbacks and pingbacks are open.