নিজকে নিৰ্দোষী বুলি দাবী, ট্ৰাম্পে দুৰ্নীতিগ্ৰস্ত বুলি অভিহিত কৰিলে বাইডেনক


আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ কথা কৈ বিস্ফোৰণ ঘটালে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

আমেৰিকা চৰকাৰৰ গোপন নথি-পত্ৰ ফাদিল হোৱাৰ গোচৰত মঙলবাৰে মিয়ামিৰ ফেডাৰেল আদালতত হাজিৰ হয় প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্প। কিন্তু ড’নাল্ড ট্ৰাম্পে তেওঁৰ বিৰুদ্ধে প্ৰায় সকলো অভিযোগতে নিজকে নিৰ্দোষী বুলি দাবী কৰিছে। মিয়ামিৰ পৰা নিউ জাৰ্চিলৈ উভতি অহাৰ সময়ত আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনে তেওঁৰ বিৰুদ্ধে দাখিল কৰা গোচৰটোক দোষাৰোপ কৰে।

কাকতলীয়াকৈ ক’বলৈ গ’লে আমেৰিকাৰ প্ৰশাসনে প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে আদালতলৈ যাবলৈ বাধ্য হৈছে। ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে ট্ৰাম্পে নিয়ম ভংগ কৰি আমেৰিকা চৰকাৰৰ গোপনীয় নথি-পত্ৰ ফ্ল’ৰিডাৰ ঘৰলৈ লৈ যোৱাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ এফ বি আইয়ে সেই ফটোখনো প্ৰকাশ কৰিছে। অৱশ্যে মঙলবাৰে আদালতত এই অভিযোগ অস্বীকাৰ কৰে ট্ৰাম্পে। তেওঁ প্ৰতিহত কৰি কয় যে ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁক অংশগ্ৰহণ কৰাত বাধা দিয়াৰ ষড়যন্ত্ৰ চলি আছে। এই গোচৰৰ শুনানিৰ পিছত ড’নাল্ড ট্ৰাম্প মিয়ামিৰ পৰা ব্যক্তিগত বিমানেৰে নিউ জাৰ্চিৰ বেডমিনিষ্টাৰ গ’ল্ফ ক্লাবলৈ আহিছিল। তেওঁ বৰ্তমানৰ ৰাষ্ট্ৰপতি জো বাইডেনক দোষাৰোপ কৰি কয় যে, “দুৰ্নীতিগ্ৰস্ত বৰ্তমানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ এজন ৰাজনৈতিক প্ৰতিদ্বন্দ্বীক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰিছিল।”

AssamAssamese NewsbollywoodDaily time axomInternational
Comments (0)
Add Comment