ৱাশ্বিংটন ডি চিৰ পৰা নিউয়ৰ্কলৈ। ১৯০ কিলোমিটাৰ পথ। ৰাহুল গান্ধীয়ে ট্ৰাক চালকৰ কাষত বহি এই পথটো অতিক্ৰম কৰিছিল। ট্ৰাকৰ মালিক তথা চালক তলজিন্দৰ সিঙৰ সৈতে ৰাহুলৰ বাৰ্তালাপত ৰাজনীতি আৰু খাদ্যৰ চাহিদাৰ কথাও আছিল।
ৰাহুল গান্ধীয়ে আমেৰিকালৈ যোৱাৰ পূৰ্বে ট্ৰাক চালকৰ সৈতে পঞ্জাৱ ভ্ৰমণ কৰিছিল।
এইবাৰ তেওঁ ট্ৰাক চালকৰ সৈতে এখন চহৰৰ পৰা আন এখন চহৰলৈ গৈছে আমেৰিকাত । কংগ্ৰেছ নেতাসকলে কৈছে ৰাহুল গান্ধী এতিয়াও ‘ভাৰত যোৰো’ যাত্ৰাত।
চলিত মাহৰ শেষত আমেৰিকালৈ যাব নৰেন্দ্ৰ মোডী। তাৰ আগতে ৰাহুলে ট্ৰাক ভ্ৰমণেৰে ৰাজনীতিৰ কথা উত্থাপন কৰিছে। ট্ৰাক চালক তালজিন্দই ৰাহুলক জনোৱা মতে, বিজেপি সমৰ্থকে কৰ্মসংস্থাপন আৰু শিক্ষাৰ কথা কোৱা নাই। নিৰ্বাচনত জয়ী হৈ বিজেপি ক্ষমতাঅহাৰ পাছত মুদ্ৰাস্ফীতি ক্ৰমাৎ বৃদ্ধি পাইছে। প্ৰকৃত ধৰ্ম মানুহৰ সেৱা কৰা।
আনহাতে তালজিন্দৰে তেওঁক কয় যে আমেৰিকাত এজন ট্ৰাক চালকৰ আয় ভাৰততকৈ বহু বেছি। শিক্ষা বা মূলধন বেছি নাথাকিলেও যাতায়তৰ ব্যৱসায় আৰম্ভ কৰিব পাৰি। মাহে ৮ৰ পৰা ১০ হাজাৰ ডলাৰলৈ আয়। ৰাহুলে তাকে শুনি থতমত খাই যায়। তালজিন্দ নিহত পাঞ্জাবী গায়ক সিধু মুছেৱালাৰ অনুৰাগী,যাৰ কথা শুনি ৰাহুলে তেওঁক সিদ্ধুৰ জনপ্ৰিয় গীত ‘২৯৫’ ৰ কথা কয়।