নিউজ ডেস্ক, ১৪ জুনঃ বিলাসীপাৰা থানাৰ সকলো আৰক্ষীক শাস্তিমূলক বদলি৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিৰ্ময় গায়ন, কনিষ্টবল, হোমগাৰ্ডসহ অৰ্ধশতাধিক আৰক্ষীক বদলিৰ নিৰ্দেশনা৷ বিলাসীপাৰাৰ লোমহৰ্ষক বাছেৰ আলী হত্যাকাণ্ডৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে৷ আৰক্ষীয়ে কিশোৰ, মহিলাক গ্ৰেপ্তাৰ নকৰাকৈ ৬ দিন ৰাখিছিল থানাত৷ আৰক্ষীৰ এই কাণ্ডক লৈ ক্ষুব্ধ হৈ পৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়৷ হত্যাকাণ্ডৰ CIDৰ তদন্ত চলি থকাৰ মাজতেই বদলিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷
Comments are closed, but trackbacks and pingbacks are open.