নিউজ ডেস্ক, ১৪ জুনঃ সোণাপুৰ টানেলৰ সন্মুখত পুনৰ ভূমিস্খলন৷ বন্ধ হৈ পৰিছে শিলচৰ-গুৱাহাটী সংযোগী ৬নং ৰাষ্ট্ৰীয় ঘাইপথটো ৷পুৱাৰে পৰা বিভাগীয় কৰ্তৃপক্ষই এক্সেভেটৰেৰে বাট মুকলি কৰাৰ চেষ্টা কৰিছে যদিও এই পৰ্যন্ত মুকলি হোৱা নাই পথ। পাহাৰৰ পৰা মাটি-পানী সমান পৰ্যায়ত নামি আহি বন্ধ কৰিছে ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ।
ফলত পথছোৱাৰে ব্যাহত হৈ পৰিছে যান-বাহনৰ চলাচল৷ পথৰ দুয়ো কাষত আবদ্ধ হৈ পৰিছে শ শ বাহন, আবদ্ধ হৈ পৰিছে গুৱাহাটী অভিমুখী এখন এম্বুলেন্সো৷
Comments are closed, but trackbacks and pingbacks are open.