নিউজ ডেস্ক, ১৪ জুনঃ নাইজেৰিয়াত ভয়ংকৰ নাও দুৰ্ঘটনা। দুৰ্ঘটনাত ১০৩গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু। দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল প্ৰায় ৩০০ গৰাকী যাত্ৰী। উদ্ধাৰ কৰা হৈছে ১০০ জন যাত্ৰী। বাকীসকলক উদ্ধাৰৰ বাবে অব্যাহত আছে উদ্ধাৰ অভিযান। উত্তৰ-মধ্য নাইজেৰিয়াৰ নাইজাৰ নদীত সংঘটিত হৈছে এই দুৰ্ঘটনা।
নদীৰে যাত্ৰা কৰিছিল বৰযাত্ৰীৰ এটা দলে। চুবুৰীয়া ৰাজ্যৰ পৰা এই বৰযাত্ৰীৰ দলটোয়ে কইনা লৈ গৃহৰাজ্যলৈ ঘূৰি আহোতেই এই ঘটনা সংঘটিত হয়।
এই দুৰ্ঘটনাৰ কাৰণ কিছুমানৰ মতে নৌকাখনৰ বহন ক্ষমতাতকৈ যাত্ৰীৰ সংখ্যা আছিল অধিক। আন কিছুমানৰ মতে নৌকাখনৰ সুৰক্ষাৰ দিশটো আছিল একেবাৰে দুৰ্বল।
Comments are closed, but trackbacks and pingbacks are open.