নাও দুৰ্ঘটনাত ১০৩ জন লোকৰ মৃত্যু

বিয়া খাই উভতি অহাৰ পথত নাওখন ডুবি ১০৩জন যাত্ৰীৰ মৃত্যু । নাইজেৰিয়াৰ কোৱাৰা ৰাজ্যত মঙলবাৰে সংঘটিত হয় এই ঘটনা। স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি এতিয়ালৈকে নাইজাৰ নদীৰ পৰা ১০০ জন লোকক উদ্ধাৰ কৰা হৈছে। এতিয়াও অনুসন্ধান অব্যাহত আছে, গতিকে মৃত আৰু উদ্ধাৰ হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। উদ্ধাৰ কৰা সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে যাত্ৰীবাহী নাওখনে চুবুৰীয়া নাইজাৰ প্ৰদেশৰ পৰা মানুহ আনিছিল। তাতে বিবাহগৃহত ভোজ খাই উভতি আহিছিল যাত্ৰীসকল।

দক্ষিণ আফ্ৰিকাৰ অন্যতম প্ৰধান জলপথ হৈছে নাইজাৰ নদী। দক্ষিণ আফ্ৰিকাৰ দেশসমূহৰ দুৰ্বল পথ আৰু অপহৰণৰ দৰে অপৰাধৰ হাৰ অধিক হোৱাৰ বাবে বেছিভাগ মানুহেই পানীৰে যাত্ৰা কৰে। আৰু এনে দুৰ্ঘটনা ঘটিয়েই থাকে। যোৱা মাহত নাইজেৰিয়াৰ ছ’ক’ট’ প্ৰদেশত এখন নাও ডুবাৰ ফলত ১৫ গৰাকী কিশোৰীয়ে প্ৰাণ হেৰুৱাইছিল।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment