বিনামূলীয়া আধাৰ কাৰ্ডৰ সংশোধনৰ সময়সীমা বৃদ্ধি

বিনামূলীয়া আধাৰ তথ্য বিনিময় আৰু তিনি মাহৰ বাবে বৃদ্ধি কৰা হৈছে।

১৪ ছেপ্টেম্বৰলৈকে এই সুযোগ উপলব্ধ হ’ব বুলি কৰ্তৃপক্ষই জনাইছে। পৰিচয় আৰু ঠিকনা প্ৰমাণৰ নথি-পত্ৰ ‘মোৰ আধাৰ পৰ্টেল’ৰ জৰিয়তে সংশোধন আৰু সংযোজন কৰিব পাৰিব। সাধাৰণতে ইয়াৰ দাম ২৫ টকা। আধাৰ কেন্দ্ৰত সম্পন্ন কৰিবলৈ ৫০ টকা খৰচ হয়।

কিন্তু জনা গৈছে যে ১৪ ছেপ্টেম্বৰলৈকে বিনামূলীয়াকৈ আধাৰ আপডেট কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে নাগৰিকসকলক প্ৰতি ১০ বছৰৰ মূৰে মূৰে আধাৰৰ তথ্য আপডেট কৰিবলৈ পৰামৰ্শ দিছে। এই কামক উৎসাহিত কৰিবলৈ ১৫ মাৰ্চৰ পৰা বিনামূলীয়া তথ্য বিনিময়ৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ পূৰ্বে ১৫ মাৰ্চৰ পৰা ১৪ জুনলৈকে এই সময়সীমা আছিল। পিছত ১৪ জুনৰ পৰা ১৪ ছেপ্টেম্বৰলৈ এই সময়সীমা বৃদ্ধি কৰা হয়।

AssamDaily time axomIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment