ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্রিজভূষণৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰিলে অভিযোগনামা

দিল্লী আৰক্ষীয়ে ৰেছলিং ফেডাৰেচনৰ সভাপতি ব্রিজভূষণ শৰণ সিঙৰ বিৰুদ্ধে ১০০০ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰে৷

অভিযুক্ত বিজেপি সাংসদগৰাকীৰ বিৰুদ্ধে মহিলা নিৰ্যাতন, যৌন নিৰ্যাতনকে ধৰি কেইবাটাও ধাৰা উল্লেখ কৰা হৈছে। অৱশ্যে আৰক্ষীয়ে POCSOৰ অধীনত অভিযোগ খাৰিজ কৰাৰ পৰামৰ্শ দিয়ে। তেওঁলোকৰ মতে এই অভিযোগৰ সমৰ্থনত কোনো প্ৰমাণ পোৱা নগ’ল।


কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলক আশ্বাস দিয়ে যে ১৫ জুনৰ ভিতৰত তদন্ত সম্পূৰ্ণ হ’ব। একেদৰে ১৫ জুনত ১০০০ পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল কৰা হয়। ১৫০জন সাক্ষীৰ বক্তব্য লিপিবদ্ধ কৰিছে আৰক্ষীয়ে। আজিৰ দিনটোতে দিল্লী আৰক্ষীৰ এটা দলে ব্রিজভূষণৰ বিৰুদ্ধে ৰাউছ এভিনিউ আদালতত অভিযোগনামা দাখিল কৰে। ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (বলপূৰ্বকভাৱে এগৰাকী মহিলাক নিৰ্যাতন চলোৱাৰ চেষ্টা), ৩৫৪এ (অশ্লীল মন্তব্য), ৩৫৪ডি (হাৰাশাস্তি) ধাৰাত ব্রিজভূষণৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। ইয়াৰে ৩৫৪টা ধাৰা জামিনহীন। কিন্তু বাকী দুটা দফা জামিনযোগ্য। অৱশ্যে পাস্কো মামালাৰ সন্দৰ্ভত আৰক্ষীয়ে জনোৱা মতে, অভিযোগৰ তদন্তৰ অন্তত আদালতত প্ৰতিবেদন দাখিল কৰা হৈছে, য’ত ভুক্তভোগী আৰু ভুক্তভোগীৰ পিতৃৰ বক্তব্যৰ ভিত্তিত গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ৪ জুলাইত হ’ব। প্ৰসংগক্ৰমে ২১ এপ্ৰিলত ব্রিজভূষণৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছিল।

Assamese NewsDaily time axomGuwahatiInternationalNew DelhiWorld
Comments (0)
Add Comment