শিল্পা শ্বেট্টীৰ বাংলোত ডকাইতি! গ্ৰেপ্তাৰ ২

বলিউডত চোৰ-ডকাইতৰ সংখ্যা বাঢ়িছে! ইটোৰ পিছত সিটোকৈ তাৰকাৰ ঘৰত চুৰি আৰু ডকাইতিৰ ঘটনা সংঘটিত হৈছে। লাখ লাখ টকা কাৰোবাৰ লকাৰৰ পৰা নোহোৱা হৈছে। আকৌ কাৰোবাৰ ঘৰৰ পৰা মূল্যবান হীৰা গহনা চুৰি হৈছে। এইবাৰ শিল্পা শ্বেট্টীৰ বাংলোতো সংঘটিত হয় ডকাইতি।

প্ৰসংগক্ৰমে যোৱা সপ্তাহত জুহুৰ শিল্পাৰ বাংলোৰ পৰা কেইবাটাও মূল্যবান সামগ্ৰী হেৰাছিল। লগে লগে স্থানীয় জুহু আৰক্ষী থানাত গৈ এজাহাৰ দাখিল কৰে অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পিছতে মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। শিল্পা শ্বেট্টীৰ ঘৰত কোনে চলাইছিল এই ডকাইতি ? যদিও সেই সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰা হোৱা নাই, তথাপিও জনা গৈছে যে বৃহস্পতিবাৰে আৰক্ষীয়ে ২ জন লোকক গ্ৰেপ্তাৰ কৰিছিল।

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শিল্পাৰ ঘৰত সংঘটিত ডকাইতি কাণ্ডত ২ জন লোকক জেৰা অব্যাহত ৰাখিছে। কিছুদিন পূৰ্বে জেকী শ্ৰফৰ পত্নী আয়েছাৰ ধন চুৰি হৈছিল। ছলমান খানৰ ভগ্নী অৰ্পিতাৰ ঘৰৰ পৰাও চুৰি হৈছিল হীৰাৰ গহনা। প্ৰসংগক্ৰমে ৮ জুনত বলীউডৰ অভিনেত্ৰীগৰাকীয়ে জন্মদিন উদযাপন কৰিছিল। সম্প্ৰতি পৰিয়ালৰ সৈতে ইটালীত ছুটী লৈ আছে শিল্পা শ্বেট্টী।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment