নিউজ ডেস্ক, ১৫ জুনঃ গুৱাহাটীৰ জালুকবাৰীৰ কিশোৰী হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। ছয়গাঁৱৰ হাতীচলা পামৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত বুলবুল হুছেইনক। ধৃত বুলবুলে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে হত্যাকাণ্ডৰ কথা।
উল্লেখ্য যে, বুধবাৰে জালুকবাৰীত বাথৰুমত উদ্ধাৰ হৈছিল এগৰাকী কিশোৰীৰ মৃতদেহ। আৰক্ষীৰ প্ৰাথমিক তদন্তত স্পষ্ট হৈছিল হত্যাকাণ্ডৰ কথা। তাৰ পাছতে অভিযান চলাই অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় বুলবুল হুছেইনক।
Comments are closed, but trackbacks and pingbacks are open.