পৰীক্ষাগাৰত নিৰ্মাণ হ’ব কৃত্ৰিম মানৱ ভ্ৰূণ

কোনো শুক্ৰাণু বা কণীৰ প্ৰয়োজন নাই। কোষবিহীন ভ্ৰুণৰ জন্ম হ’ব ! কেম্ব্ৰিজ বিশ্ববিদ্যালয় আৰু কেলটেকৰ বিজ্ঞানীসকলে ষ্টেম চেলৰ সহায়ত কৃত্ৰিম মানৱ ভ্ৰূণ সৃষ্টি কৰিছে। কিন্তু লেবত নিৰ্মিত এই ভ্ৰূণ আধুনিক ভ্ৰূণৰ দৰে উন্নত নহয়। বৰঞ্চ ই মানুহৰ বিৱৰ্তনৰ আৰম্ভণিৰ লগত মিলে। কিন্তু বিজ্ঞানীসকলে আশা কৰিছে যে এই পথ অনুসৰণ কৰিলে অতি জটিল সমস্যাৰ সহজ উত্তৰ পোৱা যাব। জেনেটিক ৰোগ, সন্তান জন্ম দিওঁতে গৰ্ভপাত হোৱা আদি এনে সমস্যাৰ সমাধান হ’ব।

কিন্তু ‘কৃত্ৰিম মানৱ ভ্ৰূণ সৃষ্টি’ বিষয়টো বিতৰ্কিত। নৈতিক আৰু আইনী প্ৰশ্ন উত্থাপন হৈছে। বেছিভাগ দেশতে এই ধৰণৰ গৱেষণাৰ আইনী স্বীকৃতি নাই। এই গৱেষণাই বষ্টনত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ ষ্টেম চেল ৰিচাৰ্চৰ বাৰ্ষিক সন্মিলনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ অধ্যাপিকা মেগডেলেনা চাৰ্নিকা-গ’য়েটজে কয় যে ষ্টেম চেলৰ পুনৰ প্ৰগ্ৰেমিং কৰি আমি মানুহৰ ভ্ৰূণৰ আৰ্হি তৈয়াৰ কৰিবলৈ সক্ষম হৈছো। সকলোবোৰ পৰীক্ষামূলক পৰ্যায়ত আছে। কৃত্ৰিমভাৱে সৃষ্টি কৰা ভ্ৰূণ এটা মানুহৰ শৰীৰত প্ৰতিস্থাপন কৰাটো অবৈধ। ইয়াৰ বাহিৰেও গৰ্ভাৱস্থাৰ প্ৰাৰম্ভিক পৰ্যায় সফলতাৰে সম্পূৰ্ণ হ’লেও কৃত্ৰিম ভ্ৰূণৰ পুৰঠ হ’ব নে নহয় সেয়া জনা নাযায়।

পৰীক্ষাগাৰত ভ্ৰূণৰ সৈতে কাম কৰাৰ আইনী অনুমতি ১৪ দিনলৈকে। ইয়াৰ পিছত গৰ্ভাৱস্থাৰ স্কেন ৰিপৰ্ট বা কোনোবাই দান কৰা ভ্ৰূণৰ পৰীক্ষাৰ বাহিৰে ভ্ৰূণৰ বিকাশৰ বিষয়ে জানিবলৈ কোনো উপায় নাই। মানৱ জীৱনৰ এই অধ্যায়টো এক প্ৰকাৰৰ ‘ব্লেক বক্স’ত পৰিণত হৈছে। নতুন গৱেষণাই আন্ধাৰৰ ওপৰত পোহৰ পেলায়। লণ্ডনৰ ফ্ৰান্সিছ ক্ৰিক ইনষ্টিটিউটৰ ষ্টেম চেল বায়’লজি এণ্ড ডেভেলপমেণ্টেল জেনেটিক্স বিভাগৰ মুৰব্বী ৰবিন লাভেল-বেজে কয় যে পৰীক্ষাগাৰত ষ্টেম চেলৰ পৰা মানুহৰ ভ্ৰূণ সৃষ্টিৰ প্ৰক্ৰিয়াই আচৰিত ধৰণৰ অজ্ঞাত তথ্য উন্মোচন কৰিব পাৰে ।”

Daily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment