যোৱা বুধবাৰে লিবিয়াৰ পৰা ইটালীলৈ শৰণাৰ্থী কঢ়িয়াই অনা এখন নাও যান্ত্ৰিক সমস্যাৰ বাবে গ্ৰীচৰ উপকূলত ডুব যায়। পাছত ক্ষিপ্ৰতাৰে আৰম্ভ হয় উদ্ধাৰৰ কাৰ্য। গ্ৰীক ক’ষ্ট গাৰ্ডে জনোৱা মতে, এই পৰ্যন্ত ১০৪ জন লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হৈছে ৭৯টা মৃতদেহ। ক’ষ্ট গাৰ্ডৰ দাবী যে নাওখনত কমেও ৭৫০ জন যাত্ৰী আছিল। ইয়াৰ ভিতৰত মহিলা, গৰ্ভৱতী মহিলা আৰু শিশুও আছিল। ইয়াৰে কোনো এজনকো এতিয়াও পোৱা হোৱা নাই। অধিকাংশ যাত্ৰীৰ মৃত্যুৰ আশংকা। মৃত্যুৰ সংখ্যা ৫০০ৰো অধিক হ’ব পাৰে বুলি ক’ষ্ট গাৰ্ডে আশংকা কৰিছে। বৃহস্পতিবাৰে গোটেই দিনটো উদ্ধাৰৰ কাম চলে। গভীৰ সাগৰত নাওখনৰ কিছু অংশ উদ্ধাৰ হয়। গ্ৰীচ কৰ্তৃপক্ষই জনোৱা মতে, নাওখনত মূলতঃ ছিৰিয়া, ইজিপ্ত আৰু পাকিস্তানৰ শৰণাৰ্থী কঢ়িয়াই আনিছিল। যিসকলে লিবিয়াৰ মাজেৰে ইউৰোপত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল।
উদ্ধাৰ হোৱা আটাইকেইজনক গ্ৰেপ্তাৰ কৰা হৈছে। উদ্ধাৰ কৰা লোকসকল সম্পূৰ্ণ মানসিকভাৱে বিকাৰগ্ৰস্ত বুলি জানিবলৈ দিয়ে চিকিৎসকে। তেওঁলোকৰ আপোনজন এতিয়াও সন্ধানহীন হৈ আছে। বহুতেই গোটেই পৰিয়ালটোৰ সৈতে ভ্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে।