নিউজ ডেস্ক, ১৬ জুনঃ কলিয়াবৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। নৈশ বাছ-ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় ট্ৰাকচালকজন, গুৰুতৰভাৱে আহত নৈশ বাছখনত থকা প্ৰায় ১৯ জনকৈ যাত্ৰী।
কলিয়াবৰ আৰক্ষী নিৱেশ এলেকাৰ ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনা। নিহত ট্ৰাকখনৰ চালকজন আনোৱাৰ আলী বুলি জানিব পৰা গৈছে। আহত আটাইকে ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় হাস্পতালত।