সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ নগাঁও জিলাৰ সমিতিৰ কচুৱা,লংজাপ,চানখোলা আঞ্চলিক সমিতিৰ সহযোগত আমছুৱে সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্র ছাত্ৰী সকলক উৎসাহ আৰু প্ৰেৰণা দিয়াথে কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত দিনজোৰা কাৰ্য্যসূচীৰে এখনি বিশাল সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। নগাঁও জিলাৰ আমছুৰ সভাপতি আব্দুৰ নুৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সম্বধনা সভাত উপস্থিত ৰহা সমষ্টিৰ বিধায়ক শশী কান্ত দাস, আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ, কেন্দ্ৰীয় সমিতিৰ সম্পাদক মিন্নাতুল ইছলাম, নগাঁও জিলাৰ আমছুৰ কৰ্মকতা, কচুৱাৰ বিভিন্ন স্কুল কলেজৰ শিক্ষক শিক্ষয়িত্ৰী অধ্যাপক অধ্যাপিকা সকলৰ লগতে সমাজৰ গণ্য মান্য ব্যক্তি সকল। সভাত ছাত্র ছাত্ৰী সকলৰ উদ্দেশ্যে বিধায়ক শশী কান্ত দাস আমছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ , সম্পাদক মিন্নাতুল ইছলাম, আৰু আমন্ত্ৰিত অতিথি সকলে বক্তব্য প্ৰদান কৰে।।