গীতিকাৰৰ ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

গীতটি লিখিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতীয় মূলৰ আমেৰিকাৰ গ্ৰেমী বিজয়ী গায়িকা ফাল্গুনী শ্বাহে সেই গীতটো গাইছিল। যাক ফালু বুলি জনা যায়। শুকুৰবাৰে হিন্দী আৰু ইংৰাজী ভাষাত মুক্তি লাভ কৰে গীতটি।

২০২৩ বৰ্ষক ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ‘‘ইন্টাৰনেচনেল ইয়েৰ অফ মিলেটচ’ হিচাপে ঘোষণা কৰিছে। এই উপলক্ষে গীতটি ৰচনা কৰিছিল মোদীয়ে। এই গীতটিত খাদ্য শস্য ‘বজৰা’ৰ দ্বাৰা বিশ্বৰ খাদ্য সুৰক্ষা সুদৃঢ় কৰাৰ উপকাৰিতাৰ ওপৰত আলোকপাত কৰা হৈছে।

ভাৰতীয় সংবাদ মাধ্যমৰ মতে, শিল্পী ফালগুনীয়ে প্ৰায়ে ছ’চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ গীতৰ সৈতে ‘ফিউজন’ কৰে। ২০১৭ চনত তেওঁৰ প্ৰথম এলবাম মুক্তি পাইছিল। ফালগুনীয়ে সংগীত পৰিচালক এ আৰ ৰহমানৰ সৈতেও কাম কৰিছে।

মোডীৰ সন্দৰ্ভত ফালগুনীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ বাবে গীত লিখাটো এটা কথা আৰু তেওঁ কণ্ঠ দিয়াটো আন কথা। যিকোনো শিল্পীৰ বাবে এই সুযোগ।

AssamAssamese NewsbollywoodDaily time axomDeathGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment