জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱালাই চিনেমা ত্যাগ কৰাৰ সিদ্ধান্ত লৈছে বুলি চৰ্চা চলিছে। কাজলে নিজৰ সন্তান নীলক সময় দিব নোৱাৰাৰ হৈ আহিছে।
পুত্ৰক সময় দিবলৈ চিনেমাৰ পৰা নিজকে আঁতৰাই ৰখাৰ সিদ্ধান্ত লৈছে অভিনেত্ৰীগৰাকীয়ে। অৱশ্যে এই বিৰতি অস্থায়ী নে চূড়ান্ত সেয়া জানিব পৰা হোৱা নাই।
২০০৭ চনত তেলেগু চিনেমা ‘লক্ষ্মী কল্যাণম’ৰ জৰিয়তে নায়িকা হিচাপে যাত্ৰা আৰম্ভ কৰে। এতিয়ালৈকে তেওঁ তামিল, তেলেগু আৰু বলীউডৰ ৫৫খন চিনেমাত অভিনয় কৰিছে। ‘মাগাধীৰা’, ‘ডাৰ্লিং’, ‘বৃন্দাবনম’, ‘মিষ্টাৰ পাৰফেক্ট’, ‘জিলা’কে ধৰি বহু জনপ্ৰিয় চিনেমাৰ এইগৰাকী অভিনেত্ৰীয়ে নিজৰ কেৰিয়াৰৰ অন্ত পেলাবলৈ ওলাইছে।
এক প্ৰতিবেদন অনুসৰি কাজল আগৰৱালে অভিনেত্ৰী হিচাপে নিজৰ কেৰিয়াৰ শেষ কৰাৰ পৰিকল্পনা কৰিছে। বালকৃষ্ণৰ সৈতে তেওঁৰ আগন্তুক ছবি ‘ভগৱন্ত কেশ্ৰী’ আৰু কমল হাছানৰ সৈতে ‘ইণ্ডিয়ান ২’ ছবিৰ শ্বুটিং সম্পূৰ্ণ কৰি চলচ্চিত্ৰ জগত এৰিবলৈ সিদ্ধান্ত ল’ব বুলি জানিব পৰা গৈছে।
ইফালে বৃহস্পতিবাৰে কাজল আগৰৱালাৰ এক টুইটে তেওঁৰ অনুৰাগীক স্তম্ভিত কৰি তুলিছে। পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি নিজৰ এখন ছবি টুইটাৰত শ্বেয়াৰ কৰে অভিনেত্ৰীগৰাকীয়ে। যাৰ কেপচনত তেওঁ কৈছিল যে তেওঁ প্ৰতিশ্ৰুতিৰ মাজতে বিৰতি ল’ব!
অভিনেত্ৰীগৰাকীৰ এনে টুইটে অনুৰাগীৰ উদ্বিগ্নতা বৃদ্ধি কৰিছে। অনুমান কৰা হৈছে যে কাজল আগৰৱালে খুব শীঘ্ৰে কেৰিয়াৰ সন্দৰ্ভত এক নতুন ঘোষণা কৰিব।