Daily Time Axom

লণ্ডনত পঢ়িবলৈ যোৱা ভাৰতীয় ছাত্ৰীক নিৰ্মমভাৱে হত্যা ব্ৰাজিলৰ যুৱকৰ

0 73

লণ্ডনত উচ্চ শিক্ষাৰ বাবে যাওঁতে নিহত ভাৰতীয় মৃত ছাত্ৰীগৰাকীৰ নাম তেজস্বিনী । ২৭ বছৰীয়া তেজস্বিনী হায়দৰাবাদৰ বাসিন্দা,স অভিযোগ অনুসৰি মঙলবাৰে পুৱা এজন ব্ৰাজিলৰ নাগৰিকে ভাৰতীয় ছাত্ৰীাগৰাকীক দাৰে কাটি হত্যা কৰে।

মঙলবাৰে পুৱা লণ্ডনৰ ৱেম্বলীত তেজস্বিনীৰ বাসগৃহত সংঘটিত হৈছে এই হত্যাকাণ্ড।

তেজস্বিনীৰ উপৰিও আন এগৰাকী ২৮ বছৰীয়া মহিলাক দাৰে ঘপিয়াই হত্যা কৰে অভিযুক্তই।
তেজস্বিনীৰ এজন আত্মীয়ই জনোৱা মতে, অভিযুক্ত ব্ৰাজিলৰ নাগৰিকজনে তেজস্বিনীৰ সৈতে ঘৰটোত ভাড়াত আছিল। তেজস্বিনীৰ লগতে তেওঁৰ কেইজনমান বন্ধুও সেই ঘৰতেই বাস কৰিছিল।

ব্ৰাজিলৰ অভিযুক্তজন মাত্ৰ এসপ্তাহ পূৰ্বে ভাড়াত ঘৰটোলৈ আহিছিল । যোৱা বছৰৰ মাৰ্চ মাহত তেজস্বিনী স্নাতকোত্তৰ ডিগ্ৰী ল’বলৈ লণ্ডনলৈ গৈছিল।

আৰক্ষীৰ তথ্য অনুসৰি ঘটনাস্থলীৰ পৰা এজন ২৪ বছৰীয়া যুৱক আৰু এগৰাকী ২৩ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ কৰা হৈছে । প্ৰথম অৱস্থাত আৰক্ষীয়ে ভাবিছিল যে তেজস্বিনীক তেওঁলোকে হত্যা কৰিছিল। পিছত অৱশ্যে মুকলি কৰি দিয়ে। পিছত আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত আন এজন ২৩ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰে ।তদন্তকাৰীয়ে অভিযুক্তক জেৰা কৰি তেজস্বিনীক কিয় হত্যা কৰা হ’ল সেই বিষয়ে জানিবলৈ চেষ্টা চলাইছে।

Leave A Reply

Your email address will not be published.