অসম সাঁতোৰ সন্থাৰ অধীনষ্ঠ সদৌ কামৰূপ জিলা সাঁতোৰ সন্থাৰ উদ্যোগত আজি
১৮ জুন ৰবিবাৰে সদৌ কামৰূপ জিলা ভিত্তিত আন্তঃ বিদ্যালয় সাঁতোৰ প্ৰতিযোগিতাঃ এখনি অনুষ্ঠিত হৈ যায় । গুৱাহাটীৰ আৰ জি বৰুৱা ক্ৰীড়া কমপ্লেক্সৰ (নেহৰু ষ্টেডিয়াম) বিমলা প্ৰসাদ চলিহা চুইমিং পুলত
পোন প্ৰথমবাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক প্ৰদীপ টিমুঙে। সৰ্ব ভাৰতীয় সাঁতোৰ সন্থাৰ উপসভাপতি তথা অসম সাঁতোৰ সন্থাৰ সম্পাদক ভাস্কৰ দাসে এই অনুষ্ঠানত পতাকা উত্তোলন কৰে। আজি আয়োজন কৰা এই প্ৰতিযোগিতা স্থলিত বিশিষ্ট সমাজকৰ্মী, আধুনিক খেতিয়ক প্ৰাণজিৎ শইকীয়া, বিশিষ্ট খেলুৱৈ আন্তঃ ৰাষ্ট্ৰীয় টাইকোৱানডো ৰেফৰী ইমৰাদুল হকক সম্বৰ্ধনা জনোৱা হয়। এই প্ৰতিযোগিতাখনি শ্ৰেণী ভিত্তিত আয়োজিত কৰা হৈছিল । শ্ৰেণী ভিত্তিত গ্ৰুপ সমূহ হৈছে ১) প্ৰথম শ্ৰেণী – দ্বিতীয় শ্ৰেণী,২) তৃতীয় শ্ৰেণী – চতুৰ্থ শ্ৰেণী, ৩) পঞ্চম শ্ৰেণী-ষষ্ঠ শ্ৰেণী, ৪)সপ্তম শ্ৰেণী-অষ্টম শ্ৰেণী, ৫) নৱম শ্ৰেণী-দশম শ্ৰেণী, ৬) একাদশ শ্ৰেণী-দ্বাদশ শ্ৰেণী। প্ৰথম শ্ৰেণীৰ তলৰ প্ৰতিযোগীৰ মাজতো আকৰ্ষণীয় প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । মুঠ ৮৬ টা ইভেণ্টত ২৬০ গৰাকী খেলুৱৈয়ে আকৰ্ষণীয় প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে।