Daily Time Axom

কেনেধৰণৰ খাদ্য খালে ছালখন চিৰদিনৰ বাবে সতেজ হৈ থাকিব

0 34

১) প্ৰটিন
মসৃণ ছাল বা দীঘল ডাঠ চুলি পাবলৈ খাদ্যত প্ৰটিন থকাটো অতি প্ৰয়োজনীয় পুষ্টিবিদ ছিমৰানৰ মতে শৰীৰৰ প্ৰতি কিলোগ্ৰাম ওজনৰ বিপৰীতে ১ গ্ৰাম প্ৰটিন সেৱন কৰিব লাগে যিকোনো অস্ত্ৰোপচাৰৰ পিছত প্ৰটিন গ্ৰহণ কৰাটো বাঞ্ছনীয় কাৰণ শৰীৰ মেৰামতিৰ ক্ষেত্ৰত প্ৰটিন আটাইতকৈ সহায়ক…।

২) ওমেগা-৩
শৰীৰৰ বাবে ওমেগা-৩ অতি গুৰুত্বপূৰ্ণ নিৰামিষ খাদ্যৰ পৰা এ এল এ পোৱা যায় এ এল এক ডি এইচ এ আৰু ই পি এলৈ ৰূপান্তৰিত কৰিলে শৰীৰটো যথেষ্ট সময় লাগে গতিকে শৰীৰত ওমেগা-৩ যোগান ধৰাটো অতি প্ৰয়োজনীয় কেৱল ছালৰ বাবেই নহয়, মগজু, গাঁঠি আনকি হৃদযন্ত্ৰৰ বাবেও ওমেগা-৩ অতি উপকাৰী…।

৩) ফলমূল আৰু শাক-পাচলি
খাদ্যত বিভিন্ন ধৰণৰ শাক-পাচলি আৰু ফল-মূল অন্তৰ্ভুক্ত কৰক সতেজ ফলমূল আৰু শাক-পাচলিয়ে শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন, খনিজ পদাৰ্থ আৰু অন্যান্য পুষ্টিকৰ উপাদান যোগান ধৰে।

৪) ভিটামিন আৰু খনিজ পদাৰ্থ
শৰীৰত থকা ভিটামিন আৰু খনিজ পদাৰ্থৰ ওপৰত চকু ৰাখক শৰীৰত ভিটামিন বা খনিজ পদাৰ্থৰ অভাৱে আপোনাৰ ছালত প্ৰভাৱ পেলাব পাৰে ছিমৰন তেনেকুৱাই তেওঁ লগতে জনায়, ভিটামিন ডি, বি ১২ আৰু আইৰণৰ অভাৱ হ’লে যত্ন লওক শৰীৰত ভিটামিন বা খনিজ পদাৰ্থৰ অভাৱ হ’লে পৰিপূৰক খাদ্যৰ প্ৰয়োজন হ’ব পাৰে এনে অৱস্থাত চিকিৎসকৰ পৰামৰ্শ অনুযায়ী পৰিপূৰক গ্ৰহণ কৰিব লাগে…।

Leave A Reply

Your email address will not be published.