Daily Time Axom

ধুবুৰীৰ মাছিপাৰা এম‌,ই মাদ্ৰাছাত প্ৰধান শিক্ষকৰ চকীকলৈ দুই শিক্ষকৰ মাজত অৰিয়াঅৰিৰ অভিযোগ

0 37

বিলাসীপাৰাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত মাছিপাৰা এম,ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক ছোৰহাব আলী অৱসৰপ্ৰাপ্ত হোৱাৰ পাছৰে পৰা প্ৰধান শিক্ষকৰ চকীখনক লৈ বিদ্যালয়খনৰ দুই শিক্ষক ক্ৰমে ৰফিকুজ্জামান আৰু চান আলীৰ মাজত খোৱা কামোৰাৰ অভিযোগ।
ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই শিক্ষক ৰফিকুৰুজ্জামানক ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে দায়িত্ব প্ৰদান কৰিছে, যদিও চকীখন দখলৰ বাবে বিভিন্ন কুটকৌশল অব্যাহত ৰাখিছে চান আলীয়ে।
চান আলীয়ে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰফিকুজ্জামানক একাধিকবাৰ অপদস্ত কৰাৰ সমন্তৰালে বিভিন্ন প্ৰকাৰে হাৰাশাস্তি ভোগাই আহিছে।একাংশ ৱেব পৰ্টেল সাংবাদিকৰ জড়িয়তে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ প্ৰকাশ কৰিছে সহকাৰী শিক্ষক চান আলীয়ে।
এই অভিযোগ উত্থাপন কৰিছে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰফিকুজ্জামান আৰু পৰিচালনা সমিতিয়ে।ঘটনা সন্দৰ্ভত চান আলীয়ে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন গোচৰ ৰুজু কৰিছে।
প্ৰধান শিক্ষকৰ চকীখনক লৈ বিদ্যালয় খনত চলি থকা খোৱা কামোৰাৰ ফলত বিদ্যালয় খনত মাৰপিট ঘটনা সংঘটিত হৈ আহিছে। যাৰ বাবে বিদ্যালয় খনৰ শৈক্ষিক পৰিৱেশ ক্ৰমশঃ নিম্নগামী হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

Leave A Reply

Your email address will not be published.