বিহাৰ আৰু উত্তৰ প্ৰদেশত ভয়াৱহ গৰম। যোৱা তিনিদিনত তাত ৯৮ জন লোকৰ মৃত্যু হৈছে। এই ৯৮ জনৰ ভিতৰত ৫৪ জন উত্তৰ প্ৰদেশৰ, ৪৪ জন বিহাৰৰ।
উত্তৰ প্ৰদেশৰ বালিয়াত এখন জিলা চিকিৎসালয়ত ভৰ্তি হোৱা কমেও ৫৪ জন লোকৰ মৃত্যু হৈছে।
যোৱা ১৫ৰ পৰা ১৭ জুনৰ ভিতৰত অত্যন্ত গৰম পৰিছে। খবৰ অনুসৰি যোৱা তিনিদিনত বালিৰ এখন জিলা চিকিৎসালয়ত জ্বৰ, উশাহ-নিশাহৰ সমস্যা আৰু অন্যান্য জটিলতাৰ বাবে কমেও ৪০০ লোকক ভৰ্তি কৰোৱা হৈছে। বেছিভাগ ৰোগীৰে বয়স ৬০ বছৰৰ ওপৰৰ। মুখ্য চিকিৎসা বিষয়া (চিএমঅ’) ডাঃ জয়ন্ত কুমাৰে কয় যে জিলাখন অত্যন্ত গৰমৰ বাবে ভুগিছে আৰু ইয়াৰ বাবে লোকসকল অসুস্থ হৈ পৰিছে আৰু চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
বিহাৰৰ পৰিস্থিতি বেলেগ নহয় কিয়নো ৰাজ্যত ২৪ ঘন্টাত চৰম গৰমৰ ঢৌৰ ফলত ৪৪ জন লোকৰ প্ৰাণহানি হৈছে। কমেও ১৮ খন ঠাইত চৰম গৰমৰ ঢৌৰ সৃষ্টি হৈছে। কেৱল পাটনাত ৪৪ জনৰ ভিতৰত ৩৫ জনৰ মৃত্যু হৈছে। বাকী ৯ জনৰ মৃত্যু হৈছে ৰাজ্যৰ অন্যান্য জিলাৰ পৰা।
শনিবাৰে প্ৰচণ্ড গৰমৰ সময়ত কমেও ১১খন জিলাৰ তাপমাত্ৰা ৪৪ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰে। বিহাৰৰ ৰাজধানী পাটনাত সৰ্বোচ্চ উষ্ণতা ৪৪.৭ ডিগ্ৰী চেলছিয়াছ। শ্বেখপুৰাৰ তাপমাত্ৰা ৪৫.১ ডিগ্ৰী চেলছিয়াছ।