দৰং-কামৰূপ সীমান্তৱৰ্তী উত্তৰ মান্দাকাটা বাহগড়া (চমুৱাপাৰা) ত অৱস্থিত হজৰত হাফিজ ৰহমান আলী শ্বাহ চফৱী চাহেবৰ ৪৪ তম উৰুচ মোবাৰক দুদিনীয়া কাৰ্যসূচীৰে ইছলামিক জেলকদ মাহৰ ২৭ আৰু ২৮ তাৰিখে পালন কৰা হয়। ২৭ জেলকদ শুকুৰবাৰে ৰাতিপুৱা ১০:৩০ বজাত ধৰ্মীয় পতাকা উত্তোলন কৰে চানমাহমূদ চফৱী আৰু সফুৰ আলী চফৱীৱে ।ৰৌচান আলী চফৱীৰ সভাপতিত্বত এখনি চুফিবাদ আৰু গুৰুজনাৰ জীৱনৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। আলোচনা চক্ৰত অংশগ্ৰহণ কৰে হজৰত হাইদৰ আলী চাহ চফৱী ইৰফান আজিজ চফৱী আৰু মনিৰুদ্দিন আহমেদ চফৱীৱে ।নিশা ১০:৩০ বজাত চুফিবাদৰ নিয়ম অনুযায়ী মাজাৰ শ্বৰীফত গিলাপ পৰিধান কৰা হয়।
দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি আজিজৰ ৰহমান চফৱীৰ সভাপতিত্বত দুপৰীয়া এখন ধৰ্মীয় সভা অনুষ্ঠিত হয়। উক্ত সভাত কেবাগৰাকীও চুফিবাদী ব্যক্তিয়ে চুফিবাদ আৰু গুৰুজনাৰ ওপৰত নিজৰ নিজৰ ভাষণ দাঙি ধৰে।
লগতে বিভিন্ন কাৰ্যসূচীৰ মাজেৰে ২৮ জেলকদ শনিবাৰে আবেলি ৫ বজাত উৰুচৰ সামৰণি পৰে।