“আদি পুৰুষ” চলচিত্ৰখন বয়কটৰ আহ্বান অসমীয়া যুৱ মঞ্চৰ

অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ জৰিয়তে আজি এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে অসমৰ ছবিগৃহৰ সকলো স্বত্বাধিকাৰীলৈ আহ্বান জনাইছে যে আজিৰ পৰা তিনিদিন পূৰ্বে অসমৰ ছবিগৃহলৈ অহা “আদি পুৰুষ” নামৰ চলচিত্ৰখনৰ সকলো ধৰণৰ প্ৰদৰ্শন বন্ধ কৰিব লাগে। কিয়নো এই চলচিত্ৰখনৰ জৰিয়তে আমাৰ পৰম আৰাধ্য দেৱতা হনুমান জী ৰ লগতে হিন্দু সকলৰ পবিত্ৰ ধৰ্মগ্ৰন্থ ৰামায়ণৰ বিকৃত উপস্থাপন কৰি চুড়ান্ত অপমান কৰিছে।

সেয়েহে অহা ২১ জুন তাৰিখৰ পৰা এই চলচিত্ৰখন বয়কট কৰি সকলো প্ৰদৰ্শনী বাতিল কৰিবলৈ অসমীয়া যুৱ মঞৰ কেন্দ্ৰীয় সভাপতি সভাপতি ধৰ্মকান্ত গগৈয়ে আহ্বান জনায়। লগতে সকলো সচেতন সমাজপ্ৰিয় ধৰ্মগ্ৰন্থ ৰামায়ণক শ্ৰদ্ধা কৰা ব্যক্তিকে এই চলচিত্ৰখন বয়কট কৰিবলৈ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা আহ্বান জনায় অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি ধৰ্মকান্ত গগৈয়ে

AssamAssamese NewsDaily time axomGuwahatiInternational
Comments (0)
Add Comment