তামিলনাডুৰ কুড্ডালোৰত বাছ দুৰ্ঘটনাত ৪ জন মৃত্যু, ৭০ জন আহত

দুখন বাছৰ মুখামুখি সংঘৰ্ষত চাৰিজন লোকৰ মৃত্যু।

এই ঘটনাত প্ৰায় ৭০ জন লোক আহত হয়। নেল্লিকুপ্পামৰ সমীপৰ পট্টোম্বকম অঞ্চলত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে, কুড্ডালোৰৰ পৰা পানৰুটি হৈ দুখন ব্যক্তিগত বাছ আহি আছিল। সন্মুখৰ টায়াৰ ফাটি যোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা আন এখন বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

এম্বুলেন্সক খবৰ দিয়া হয় যদিও এম্বুলেন্স অহাৰ পূৰ্বে স্থানীয় বাসিন্দাৰ সহায়ত আহতসকলক চিকিৎসালয়লৈ লৈ যোৱা হয়। এই ঘটনাক লৈ শোক প্ৰকাশ কৰে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে। তেওঁ মৃতকৰ পৰিয়ালক ২ লাখ টকা আৰু আহতসকলৰ বাবে ৫০ হাজাৰ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment