ৰূপালী পৰ্দাত আদিপুৰুষক চোৱাত ব্যস্ত হৈ পৰিছিল দৰ্শক।
শ্ব’ৰ মাজতে হঠাতে লাইট জ্বলি উঠিল। চিঞৰি চিঞৰি দুই এজন লোক পোনে পোনে হলঘৰৰ ভিতৰলৈ আহিল। পালঘৰৰ নালাসোপাৰাৰ মাল্টিপ্লেক্সত সংঘটিত হৈছে এই ঘটনা। য’ত হিন্দু সংগঠনৰ সদস্যই আহি চিনেমা হলৰ কৰ্তৃপক্ষক ভাবুকি দিছে। তেওঁলোকৰ দাবী, ‘এই ছবিখনে মানুহৰ মাজত ভুল ধাৰণা বিয়পাইছে। যিটো চলি থাকিবলৈ দিব নোৱাৰি। কেৱল সেয়াই নহয়, এই সংগঠনৰ সদস্যসকলে ক’লে, মই মোৰ ডিঙি কাটিম, মই মোৰ প্ৰাণ দিম। কিন্তু এই চিনেমাখন চলিবলৈ দিব নোৱাৰি।এই ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
‘আদিপুৰুষ’ত হনুমানৰ মুখত বজৰুৱা সংলাপ শুনি দৰ্শক প্ৰায় অজ্ঞান হৈছে ! জয়শ্ৰী ৰাম ধ্বনি দি চিনেমাখনৰ প্ৰচাৰ আৰম্ভ কৰা হিন্দু অনুৰাগীসকলো ক্ষুব্ধ হৈ পৰিছে। ভাৰতীয় সংস্কৃতিৰ ‘পূৰ্বপুৰুষ’ৰ এনে অত্যাধুনিক অৱতাৰ দেখি তেওঁলোকো আচৰিত হৈ পৰিছে!