Daily Time Axom

উত্তৰ গুৱাহাটীৰ আমিনগাঁও, চাংসাৰি, ধোপাতাৰী অন্তৰ্ভুক্ত হ’ব পৌৰসভাত

0 48

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সূৰ্য বুলি কৈ নিজকে চন্দ্ৰৰ লগত তুলনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সহায় অবিহনে হাজাৰ হাজাৰ কোটি টকাৰ উন্নয়ন কোনো কাৰণতে সম্ভৱ নহ’ল হেঁতেন।

উত্তৰ গুৱাহাটী ৰংমহলত আদৰ্শ বিদ্যালয় মুকলি অনুষ্ঠানত এই মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে ৰাজ্যৰ একেটা চৌহদতে থকা জালুকবাৰী সমষ্টিৰ প্ৰথমখন চেবা আৰু চি বি এছ চিৰ বিদ্যালয় ।

আজিৰে পৰা ৰাজ্যত মুকলি ৩৮ খন আদৰ্শ বিদ্যালয়। ইয়াৰে‌ ১৯ খন আদৰ্শ বিদ্যালয় চাহ বাগিচাৰ বাবে ।শিক্ষাক উৎসৱলৈ পৰিবৰ্তন কৰা হৈছে সমগ্ৰ অসমত।

অসমীয়া মাধ্যম সন্দৰ্ভত আছুৱে চৰকাৰক কৰা মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আছুৰ পথ বেলেগ চৰকাৰৰ পথ বেলেগ। আছুৱে ও অসমৰ উন্নয়ন বিচাৰে চৰকাৰেও অসমৰ উন্নয়ন বিচাৰে।

উত্তৰ গুৱাহাটী গুৱাহাটী সংযোগী দলং সম্পূৰ্ণ হোৱাৰ লগে লগে গুৱাহাটী মহানগৰীৰ ভালেসংখ্যক চৰকাৰী কাৰ্যালয় স্থাপন হ’ব ৰংমহল উত্তৰ গুৱাহাটীত।

উত্তৰ গুৱাহাটীৰ আমিনগাঁও, চাংসাৰি, ধোপাতাৰী অন্তৰ্ভুক্ত হ’ব পৌৰসভাত।

২০২৬ চনৰ ভিতৰত ৰাজ্যৰ ২০০০ খন হাইস্কুল কৰা হ’ব উন্নীতকৰণ।

এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ কুইন ওজা, মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্ত, জিলা উপায়ুক্ত কীৰ্তি জ্বল্লী প্ৰমুখ্যে ভালেসংখ্যক ৰাইজ।‌

Leave A Reply

Your email address will not be published.