Daily Time Axom

এছিয়ান ফেন্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচিলে ভৱানীয়ে

0 49

ভাৰতীয় ফেন্সাৰ ভৱানী দেৱীয়ে এছিয়ান ফেন্সিং চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে।

এছিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় ফেন্সাৰে প্ৰথমবাৰৰ বাবে পদক লাভ কৰিবলৈ সক্ষম হৈছে।

কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে ভৱানী দেৱীক তেওঁৰ সফলতাৰ বাবে অভিনন্দন জনায়।

প্ৰসংগক্ৰমে ভৱানী দেৱীয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰা ভাৰতৰ প্ৰথমগৰাকী ফেন্সাৰ হৈ ইতিহাস ৰচনা কৰিছিল। টকিঅ’ অলিম্পিকত ৩২ ৰাউণ্ডৰ পৰা বাহিৰ হোৱাৰ পাছতো ভাৰতীয় ক্ৰীড়া জগতখনে তেওঁৰ মাজত সম্ভাৱনা দেখিবলৈ পাইছিল।

এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰি তেওঁ এক নতুন ইতিহাসৰ সৃষ্টি কৰিলে। এছিয়ান চেম্পিয়নশ্বিপত মহিলা শাখাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল ভৱানীয়ে। কিন্তু ছেমি ফাইনেলত তেওঁ উজবেকিস্তানৰ প্ৰতিযোগীৰ হাতত পৰাস্ত হয়।

Leave A Reply

Your email address will not be published.