কৃত্ৰিম বুদ্ধিমত্তাই কঢ়িয়াই আনিছে স্বাস্থ্য জগতত এক বিপ্লৱ! চিটি স্কেন, এক্স-ৰে পদ্ধতি সলনি হ’ব?

কৃত্ৰিম বুদ্ধিমত্তা। এই প্ৰযুক্তিয়ে বিজ্ঞানৰ সংজ্ঞা সলনি কৰিছে। AI এ মানুহৰ বাবে বহু কাম কৰি আছে। আৰু এই নতুন প্ৰযুক্তিয়ে স্বাস্থ্যৰ ক্ষেত্ৰত ডাঙৰ ভূমিকা ল’বলৈ গৈ আছে। মানুহে উন্নত মানৰ, স্বচ্ছ চিকিৎসা সুবিধা লাভ কৰাৰ সুযোগ পাব। গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে তেওঁৰ মন্তব্যৰে সেই কথা জানিব দিছে।

গুগলে অহৰহ AI প্ৰযুক্তিৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰি আছে। শেহতীয়াকৈ এখন আলোচনা চক্ৰত গুগলৰ চিইঅ’ পিচাইয়ে কৃত্ৰিম বুদ্ধিমত্তাই স্বাস্থ্য খণ্ডটো কেনেদৰে নিজৰ দখললৈ লৈছে সেই কথা কোৱা শুনা গৈছিল। চকুৰ সমস্যাই হওক বা ৰোগীৰ ৰোগ নিৰ্ণয় কৰাই হওক – AI-এ চিকিৎসকৰ কাম সহজ কৰি তুলিছে। লগতে চিকিৎসা মেচিন বা পদ্ধতিৰে কেতিয়াবা বুজিব নোৱাৰা কথাবোৰতকৈ এআইয়ে চিকিৎসকক বহু বেছি তথ্য দিব পাৰে। গতিকে ৰোগীৰ চিকিৎসাৰ বাবেও উপকাৰী।

কিন্তু অদূৰ ভৱিষ্যতে চিটি স্কেন, এম আৰ আই, এক্স-ৰে পৰীক্ষাৰ পদ্ধতিও সলনি হ’বনে? এআইৰ সহায়ত চিটি স্কেন বা এক্স-ৰে ৰিপৰ্ট অধিক সহজে লাভ কৰিব পৰা যাবনে? এই সন্দৰ্ভত পিচাই বা গুগলে একো স্পষ্ট কৰা নাই যদিও গুগলে অতি স্পষ্টভাৱে কৈছে যে স্বাস্থ্য জগতত এআইয়ে নিজৰ প্ৰভাৱ বিয়পাইছে।

ইতিমধ্যে চিকিৎসকে ৰোগীৰ পৰিয়ালৰ সৈতে যোগাযোগৰ বাবে ChatGPTৰ আশ্ৰয় লৈছে। এতিয়া এ আইৰ সহায়ত চিকিৎসা নিদানৰ সহায়ত ছাল বা চকুৰ সমস্যাৰ লগত জড়িত বিভিন্ন ৰোগ ধৰা পেলাব পাৰি। চিকিৎসা গৱেষণাতো এআইয়ে বিশেষ ভূমিকা পালন কৰিব।

AssamAssamese NewsGuwahatiInternationalWorld
Comments (0)
Add Comment