Daily Time Axom

কেনেদৰে আপুনি অফিচত মাল্টি টাস্কাৰ হ’ব

0 50

অফিচত নিজৰ মানসিক শান্তি বজাই ৰখা আৰু অকলে একাধিক কাম কৰাটো প্ৰত্যাহ্বানজনক যেন লাগিব পাৰে।

কিন্তু যিকোনো প্ৰযুক্তি-চালিত ডিজিটেল যুগৰ বৃত্তিত জীয়াই থকাৰ চাবিকাঠি হৈছে মাল্টিটাস্কিং। আনহাতে সকলোবোৰ নিপুণভাৱে কৰি উঠিলেও মানসিক চাপ বাঢ়িব পাৰে। ইয়াৰ উপৰিও নিজৰ লক্ষ্যত উপনীত হ’বলৈ কাৰ্যালয়ৰ নীতি চম্ভালিবলৈ অলপ কৌশলগতও হ’ব লাগিব।

আমি সকলোৱে প্ৰযুক্তিৰ ওপৰত নিৰ্ভৰশীল যাতে কাম সহজভাৱে আৰু কম সময়তে সম্পন্ন কৰিব পাৰো। প্ৰযুক্তিয়েই আমাক উদ্ভাৱনী শক্তিও বৃদ্ধি কৰাৰ সাহস দিয়ে। কিন্তু পাৰফৰমেন্স বৃদ্ধি কৰিবলৈ কেইটামান কথাতো সাৱধান হ’ব লাগিব।

ৰুটিন: কি সময় কি কৰিব, কিমান সময় কি কামত খৰচ কৰিব, দৈনিক পৰিকল্পনা কৰিব লাগিব।

কৰ্মক্ষেত্ৰত বিৰতি: কৰ্মক্ষেত্ৰত উৎপাদনশীলতা বৃদ্ধিৰ বাবে কৰ্মৰ পৰা বিৰতি লোৱাটো অতি প্ৰয়োজনীয়। অতিমাত্ৰা কামে সৃষ্টিশীলতাক হত্যা কৰে। গতিকে সময়ে সময়ে বিৰতি ল’লে নতুন উদ্যমেৰে কাম কৰাৰ মানসিকতা আহিব।

সংগদোষ: সংগদোষ এটা বেয়া চৰিত্ৰ। সৰুতে মাক-দেউতাই দুষ্ট ল’ৰাৰ লগত সংগী কৰিবলৈ মানা কৰিছিল। যদি আপোনাক সকলো সময়তে নেতিবাচক লোকে আগুৰি থাকে তেন্তে আপোনাৰ যিকোনো কামতে আগ্ৰহ কমি যাব। তেওঁলোকৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰক। সমস্যা হ’ব, শীতল মূৰেৰে সমাধান বিচৰা।

Leave A Reply

Your email address will not be published.