কানাডাত নিহত কুখ্যাত খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জৰক গুলীয়াই হত্যা কৰা হয়।
খবৰ অনুসৰি কানাডাৰ ব্ৰিটিছ কলম্বিয়াৰ সুৰে চহৰত এটা গুৰদ্বাৰৰ সমীপত তেওঁক গুলীয়াই হত্যা কৰা হয়। নিজ্জৰ হত্যাকাণ্ডৰ লগত কোন জড়িত সেয়া এতিয়াও জানিব পৰা হোৱা নাই। পঞ্জাৱৰ ফিলাউৰত হিন্দু পুৰোহিতক হত্যাৰ ষড়যন্ত্ৰ কৰাকে ধৰি শিখ উগ্ৰবাদৰ সৈতে জড়িত কমেও চাৰিটা এন আই এৰ গোচৰত নিজ্জৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল। ৰাষ্ট্ৰীয় তদন্ত সংস্থাইও যোৱা জুলাই মাহত তেওঁৰ সন্ধান উলিয়াবলৈ ১০ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰিছিল।
নিজ্জৰ খালিস্তানী সমৰ্থক সংগঠন খালিস্তান টাইগাৰ ফৰ্চৰ মুৰব্বী আছিল। গুৰপতৱন্ত সিং পান্নুনে পৰিচালিত কৰা ‘শিখছ ফৰ জাষ্টিচ’ৰ বিচ্ছিন্নতাবাদী আৰু সন্ত্ৰাসবাদী এজেণ্ডা প্ৰচাৰ কৰাৰ অভিযোগো উত্থাপন হৈছিল। নিজ্জৰ ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছিল। কিন্তু ভাৰত এৰি যোৱাৰ পাছত পান্নুনে তেওঁক কানাডাত বিচ্ছিন্নতাবাদী সংগঠনৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়ে। কেইবছৰমানৰ আগতে নিজ্জৰে ‘গণভোট-২০২০ অভিযান’ৰ দায়িত্বও পাইছিল।