মণিপুৰত ১০০ৰো অধিক লোকৰ মৃত্যু

অগ্নিময় মণিপুৰত চলি থকা অশান্তিৰ ফলত ১০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

ৰাজ্যজুৰি মেইটি আৰু কুকি সম্প্ৰদায়ৰ মাজত জাতিগত ঘৃণাই কেইবা সপ্তাহ ধৰি অশান্তিৰ সূচনা কৰি আহিছে। ১১খন জিলাত জাৰি কৰা হৈছে কাৰ্ফিউ। ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিয়া হৈছে। ৰাজ্যৰ ৰাজধানীলৈকে প্ৰতিধ্বনিত হৈছে মৃতকক হেৰুৱাৰ যন্ত্ৰণা।

দেওবাৰে মণিপুৰত চলি থকা হিংসাত্মক ঘটনাক তীব্ৰ গৰিহণা দিয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই। গোটটোৱে স্থানীয় প্ৰশাসন, আৰক্ষী, নিৰাপত্তা বাহিনীকে ধৰি কেন্দ্ৰীয় সংস্থাকে ধৰি চৰকাৰক শীঘ্ৰে অঞ্চলটোত শান্তি ঘূৰাই আনিবলৈ আহ্বান জনায়।

এক বিবৃতিত আৰ এছ এছৰ সাধাৰণ সম্পাদক দত্তত্ৰেয় হোছাবলে কয় যে উত্তৰ-পূব ৰাজ্যখনত “শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেওঁ নিজৰ বক্তব্যত জোৰ দি কয় যে গণতান্ত্ৰিক আন্তঃগাঁথনিত ঘৃণা আৰু হিংসাৰ কোনো স্থান নাই। ৰাজ্যলৈ শান্তি ঘূৰাই অনাৰ কাম কৰিব লাগে।

AssamAssamese NewsDaily time axomIndiaInternationalNew Delhi
Comments (0)
Add Comment