শ্ৰীশ্ৰী জগন্নাথ মহাপ্রভূৰ ৰাথযাত্ৰা কাছাৰ জিলাৰ প্ৰতিটো স্থানতে যথাযথ মৰ্যাদাৰে সমাপ্ত হয়। শিলচৰৰ পৰা আৰম্ভ কৰি গাঁও অঞ্চলৰ বিভিন্ন স্থানলৈ ৰথযাত্ৰা উৎসৱ দেখা গ’ল। শিলচৰ কালাইন পথৰ ভাংগাৰপাৰ, মোহনপুৰ, জালাগ্ৰাম, বুৰুংগা আৰু কলাইন বজাৰতো ৰথ যাত্ৰা উৎসৱৰ দৃশ্য দেখা গ’ল।
ইফালে প্ৰতিকূল বতৰৰ বাবে দৰ্শনাৰ্থীৰ হাৰ অতি কম। আজি যুৱতীসকলে অতি আনন্দৰ মাজত শ্ৰীশ্ৰী জগন্নাথ মহাপ্রভূৰ ৰথ যাত্ৰাৰ ৰছী টানিবলৈ ব্যস্ত হৈ থকা দেখা গৈছে । আশা কৰা হৈছে অহা ৰথ যাত্ৰাত দৰ্শনাৰ্থীৰ সংখ্যা অধিক হ’ব।