Daily Time Axom

টাইটানিকৰ ধ্বংসাৱশেষ চাবলৈ গৈছিল নিৰুদ্দেশ হোৱা পাকিস্তানী কোটিপতি ডাউদ

0 52

এখন চাবমেৰিনত বিখ্যাত টাইটানিক জাহাজৰ ধ্বংসাৱশেষ পৰিদৰ্শন কৰিবলৈ গৈ সন্ধানহীন হৈছে ৫জন পৰ্যটক। পানীৰ তলত আবদ্ধ হৈ থকা পৰ্যটকৰ ভিতৰত আছে এজন পাকিস্তানী টাইকুন আৰু তেওঁৰ পুত্ৰ। শ্বাহজাদা দাউদ নামৰ ব্যৱসায়ীজন ইংৰো কৰ্পৰেশ্যন নামৰ কোম্পানী এটাৰ উপ-সভাপতি।

জনা যায় যে ডাউদৰ পুত্ৰ চুলেইমানো তেওঁৰ সৈতে ছাবমেৰিনত আছিল। অ’চেনগেট নামৰ এটা কোম্পানীয়ে টাইটানিকৰ ধ্বংসাৱশেষ ভ্ৰমণৰ ব্যৱস্থা কৰে। পানীৰ তললৈ যোৱাৰ মাত্ৰ ডেৰ ঘণ্টাৰ পিছত ছাবমেৰিনৰ পৃষ্ঠৰ সৈতে সকলো যোগাযোগ নোহোৱা হৈ গ’ল। শেহতীয়া খবৰ অনুসৰি চাবমেৰিনখনত মাত্ৰ ৭০ ঘণ্টাৰ অক্সিজেন বাকী আছে। উদ্বেগ স্বাভাৱিকতে বাঢ়ি যায়। চাৰিদিন পাৰ হোৱাৰ পাছত পাঁচজন যাত্ৰীৰ কি হ’ব তাক লৈ উদ্বিগ্ন হৈ পৰিছে উদ্ধাৰকাৰী।

মন কৰিবলগীয়া যে পাকিস্তানৰ অন্যতম ধনী ব্যক্তি হৈছে শ্বাহজাদা দাউদ। ২০২২ চনত তেওঁৰ কোম্পানীয়ে ঘোষণা কৰা লভ্যাংশ ৩৫০ বিলিয়ন টকা। দাউদৰ পিতৃ হুছেইন ডাউদ এজন পাকিস্তানী কোটিপতিও।
ইফালে পৰ্যটকৰ ভিতৰত অন্যতম ব্ৰিটিছ ব্যৱসায়ী হামিছ হাৰ্ডিং। ছাবমেৰিনত উঠাৰ আগদিনা তেওঁ এই অভিযানক লৈ উত্তেজিত হৈ টুইট কৰিছিল। সমগ্ৰ ঘটনাটোত অভিযোগৰ আঙুলিটো আয়োজক সংগঠন অ’চেনগেটৰ ফালে আঙুলিয়াই দিয়া হৈছে। কিন্তু ছাবমেৰিনৰ বিপদ সন্দৰ্ভত তেওঁলোকে এতিয়াও একো কোৱা নাই।

Leave A Reply

Your email address will not be published.