Daily Time Axom

বেংগালুৰু পুনৰ ধাৰাসাৰ বৰষুণ

0 47

ধাৰাসাৰ বৰষুণ।

যাৰ ফলত বাংগালুৰু পুনৰ বিপদত পৰিছে। মঙলবাৰে পুৱাৰে পৰা বেংগালুৰুত ধাৰাসাৰ বৰষুণ আৰম্ভ হয়। কেইঘণ্টামান বৰষুণৰ পিছত বহু ঠাইত পানী জমা হোৱাৰ দৰে সমস্যাৰ সৃষ্টি হয়। সাধাৰণ মানুহ বিপদত পৰিছে। অফিচ যাতায়ত আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰী দিনত প্ৰচণ্ড যান-জঁটৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

ইফালে তথ্য অনুসৰি আগন্তুক ৪৮ ঘন্টালৈকে বেংগালুৰুত বতৰ বেয়া হৈ থাকিব। মন কৰিবলগীয়া যে যোৱা মাহত বৰষুণৰ ফলত পানী জমা হোৱাৰ বাবে বেংগালুৰুত ২ জন লোকৰ মৃত্যু হৈছিল। তেতিয়াৰ পৰাই সক্ৰিয় হৈছে প্ৰশাসন।

যান-বাহন আৰক্ষীয়ে আগতীয়াকৈ সকীয়াই দিছে কোনবোৰ পথত পানী জমা হোৱাৰ সম্ভাৱনা আছে, যান-জঁটৰ বাবে কোনবোৰ পথ পৰিহাৰ কৰিব লাগে।

Leave A Reply

Your email address will not be published.