Daily Time Axom

মোদীয়ে হয়তো আমেৰিকা ভ্ৰমণৰ সময়ত এলেন মাস্কক লগ পাব

0 44

আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাজনো গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰিব।

সেই তালিকাত অৰ্থনীতিবিদ, শিল্পী, বিজ্ঞানী, পণ্ডিত, উদ্যোগী, শিক্ষাবিদকে ধৰি ২৪ জনতকৈ অধিক লোকৰ নাম সন্নিবিষ্ট কৰা হৈছে। উল্লেখযোগ্য ব্যক্তিৰ তালিকাত এলেন মাস্ক, নীল ডিগ্ৰাছ টাইছন, নোবেল বিজয়ী পল ৰোমাৰ, নিকোলাছ নাছিম তালেবৰ দৰে নাম অন্তৰ্ভুক্ত কৰা হৈছে।

ইয়াৰ উপৰিও গ্ৰেমী বঁটাৰ বাবে মনোনীত সংগীতজ্ঞ চন্দ্ৰিকা টেণ্ডন, লেখিকা জেফ স্মিথ এই তালিকাত আছে। মোডীৰ বৈঠকৰ লক্ষ্য হৈছে আমেৰিকাৰ অগ্ৰগতি বুজি পোৱাৰ লগতে ভাৰতৰ সৈতে সহযোগিতা বৃদ্ধি কৰা। মঙলবাৰে আমেৰিকালৈ ৰাওনা হৈছে প্ৰধানমন্ত্ৰীগৰাকী। বাণিজ্যিক সম্পৰ্ক আৰু অধিক বৃদ্ধিৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে মোডীৰ বিশেষ বৈঠক।

Leave A Reply

Your email address will not be published.