নিউজ ডেস্ক, ২০ জুনঃ অৱশেষত মুকলি আকাশৰ তললৈ আহিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা। সোমবাৰে নিশা ১১ বজাত মুক্তি পালে শৃংখল চলিহাই। নিশা আৰক্ষীয়ে নেতাগৰাকীক বাসগৃহত থৈ আহে।
উল্লেখ্য যে, প্ৰায় ডেৰমাহ পূৰ্বে গ্ৰেপ্তাৰ হৈছিল বীৰ লাচিত সেনাৰ প্রশাসনিক সচিবগৰাকী। ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰা হৈছিল শৃংখল চলিহাক। এগৰাকী ব্যক্তিৰ মুখত থুৱাই দিয়াৰ বাবে ৰুজু হৈছিল গোচৰ।