অসমৰ ৫ খন জিলাত ৰেড এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ

নিউজ ডেস্ক, ২০ জুনঃ অসমৰ ৫ খন জিলাত ৰেড এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ।বতৰে ধাৰণ কৰিছে অধিক কালৰূপ। অসম-উত্তৰ পূৰ্বাঞ্চলত প্ৰৱল ধুমুহা-বৰষুণৰ সতৰ্কবাণী।

নেৰানেপেৰা বৰষুণ অব্যাহত থকা ৰাজ্যত আগন্তুক ৫ দিনলৈ অব্যাহত থাকিব ধাৰাসাৰ বৰষুণ। নামনি অসমৰ ৫ খন ৰাজ্যত জাৰি কৰা হৈছে ৰেড এলাৰ্ট।

আনহাতে কেইবাখনো জিলাত জাৰি কৰা হৈছে অৰেঞ্জ আৰু য়েল্ল’ এলাৰ্ট। ৰেড এলাৰ্ট জাৰি কৰা জিলা কেইখন ক্ৰমে, চিৰাং, বাক্সা, কোকৰাঝাৰ, বঙাইগাওঁ আৰু বৰপেটা।

AlertAssamAssamese NewsDaily time axomGuwahatiIndiaMeteorological Centre